Show/Hide Keyboard Layout

লুইতৰ আকাশত তৰাৰ তৰাৱলী

- জ্যোতিপ্ৰসাদ আগৰৱালা

লুইতৰ আকাশত তৰাৰ তৰাৱলী

পাৰত দীপাৱলী তেজেৰে মোৰ

আই নাকান্দিবি

থাপনাত তেজেৰে বন্তি দিলেহি

ল’ৰা-ছোৱালীয়ে তোৰ ।

 

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা

আই অ’ নুমুৱা নাই

নতুন তেজেৰে শলিতা জ্বলিছে

উজলিছে ভমকাই ।

 

চকুলো বোৱাই জুই নুনুমাবি

গুচকে আন্ধাৰে ঘোৰ

লুইতৰ আকাশত তৰাৰ তৰাৱলী

পাৰত দীপাৱলী তেজেৰে মোৰ ।।

Hits: 1661